মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰে ভাৰতীয় দল। প্ৰায় চাৰি বছৰৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে প্ৰবীণ বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰৰ। ২০২২ চনৰ নৱেম্বৰ মাহত ভাৰতৰ হৈ অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। দলটোত আছে বৈভৱ সূৰ্য্যবংশীও। দলত আছে।
নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু ছেমছন (উইকেটকীপাৰ), বৈভৱ সূৰ্য্যবংশী, ঈশান কিষাণ (উইকেটকীপাৰ), তিলক বৰ্মা (উপ অধিনায়ক), অক্ষৰ পেটেল, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, নমন ধীৰ, প্ৰিন্স যাদৱ, মায়ংক যাদৱ, অৰ্শদীপ সিং, ভুৱনেশ্বৰ কুমাৰ, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ।
উল্লেখ্য যে, ৩৬ বছৰীয়া ভুৱনেশ্বৰে ভাৰতৰ হৈ ২১খন টেষ্ট, ১২১খন এদিনীয়া আৰু ৮৭খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ক্ৰমে ৬৩, ১৪১ আৰু ৯০টা উইকেট দখল কৰিছে। ২০১২ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল।
ভুৱনেশ্বৰৰ প্ৰত্যাৱৰ্তনৰ বিপৰীতে স্পিনাৰ ৰবি বিষ্ণোইক দলৰ পৰা বাদ দিয়া হৈছে। বিষ্ণোইৰ ঠাইত ভাৰতীয় দলত পুনৰ সুযোগ প্ৰদান কৰা হৈছে বৰুণ চক্ৰৱৰ্তীক।


