দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত শিহৰণকাৰী পথ দুৰ্ঘটনা; ৮ জনৰ মৃত্যু, কেইবাজনো আহত

Published:

শনিবাৰে ৰাজস্থানৰ কোটাত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। শিহৰণকাৰী দুৰ্ঘটনাটোত ৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়। মধ্যপ্ৰদেশৰ পৰা জয়পুৰলৈ গৈ থকা সময়তে যাত্ৰীবাহী ট্ৰেভেলাৰখন দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে।

ৰাতিপুৱা প্ৰায় ৮ বজাত কৰাড়িয়া টোল প্লাজা পাৰ হোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হয় বাহনখন। যাত্ৰাপথত চালকজনৰ টোপনি অহাৰ বাবেই এই শিহৰণকাৰী পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰেভেলাৰ বাহনখনে ডিভাইডাৰত খুন্দিয়াই পথৰ পৰা ২০ ফুট দ’ নলাত বাগৰি পৰে।

ইফালে দুৰ্ঘটনাটোৰ পিছতে আহত লোকসকলৰ চিৎকাৰত ঘটনাস্থলীত উদ্ভৱ হয় এক অভাৱনীয় পৰিস্থিতিৰ। লগে লগে স্থানীয় লোকসকলে দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰৰ বাবে নামি পৰে। স্থানীয় আৰক্ষীৰ উপস্থিতিত আহত লোকসকলক এম্বুলেন্সৰ সহায়ত কোটাৰ নতুন চিকিৎসা মহাবিদ্যালয় আৰু এমবিএছ হাস্পতালত ভৰ্তি কৰোৱা হয়।

ছিমলিয়া থানাৰ আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি, দুৰ্ঘটনাটোত এই পৰ্যন্ত ৮ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৫-১৬ গৰাকী যাত্ৰী আহত হৈছে। আহতসকলৰ ভিতৰত কেইজনমানৰ অৱস্থা সংকটজনক। অৱশ্যে এই পৰ্যন্ত দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

POPULAR

RECENT ARTICLES

spot_img