ৰাজধানীত ভয়াৱহ অগ্নিকাণ্ড; ২১ গৰাকীৰ কৰুণ মৃত্যু, মৃতকৰ অধিকাংশ বিদেশী

দেশৰ ৰাজধানী দিল্লীৰ মালবীয় নগৰ অঞ্চলস্থিত এটা ছমহলীয়া অট্টালিকাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ২১গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ খবৰ আহিছে। আশংকা কৰা অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ লগতে আৰম্ভ কৰে উদ্ধাৰ অভিযান। তাৎক্ষণিকভাৱে আৰম্ভ কৰা উদ্ধাৰ অভিযানত ৩৭গৰাকী লোকক হোটেলখনৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয়। এতিয়াও বহু সংখ্যক লোক হোটেলখনত আৱদ্ধ হৈ আছে।

এই কৰুণ ঘটনাটোত এই পৰ্যন্ত কিমানজন লোকে প্ৰাণ হেৰুৱালে তাৰ নিশ্চিত তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে। প্ৰাথমিক তথ্য অনুসৰি হোটেলখনৰ তলত থকা ৰান্ধনি-শালৰ পৰাই জুইৰ সূত্ৰপাত ঘটে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে আৰক্ষী-প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত।

প্ৰাথমিক তথ্য অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা লেমন গ্ৰীণ নামৰ হোটেলখনত থকা অধিকাংশ লোকেই আছিল বিদেশী। চিকিৎসাজনিত কাৰণৰ বাবে বাংলাদেশৰ লগতে আফ্ৰিকাৰ পৰা অহা লোকসকলে এই হোটেলখনত বাহৰ পাতিছিল। এই অগ্নিকাণ্ডৰ ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ ভিতৰত বিদেশী নাগৰিকো থকাৰ তথ্য আহিছে।

ইফালে এই কৰুণ ঘটনা সন্দৰ্ভত শোকপ্ৰকাশ কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সযোগে ঘটনাৰ দুখ প্ৰকাশ কৰি এককালীন সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে। এই মৰ্মান্তিক ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ২-২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ টকা প্ৰদান কৰিব বুলি উল্লেখ কৰে।

ইফালে ৰেখা গুপ্তাই সামাজিক মাধ্যমত লিখিছে, ‘মালবীয় নগৰত সংঘটিত ভয়ানক অগ্নিকাণ্ডত হোৱা ক্ষতিসাধনত অত্যন্ত দুখী হৈছো। প্ৰয়াত ব্যক্তিসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহত লোকসকলৰ দ্ৰুত আৰোগ্য কামনা কৰাৰ লগতে এই কঠিন সময়ত সকলোকে সাহস আৰু শক্তি প্ৰদান কৰাৰ বাবে প্ৰাৰ্থনা জনাইছো।’

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...