জাপানৰ আইচি নাগোয়াত চলি থকা এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেট ইভেণ্টৰ স্বৰ্ণ পদকৰ যুঁজত মুখামুখি হ’ব ভাৰত-পাকিস্তান। ছেমিফাইনেলত ভাৰতে শ্ৰীলংকা দলক ১২৪ ৰানৰ বৃহত ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
ইফালে, আন এখন ছেমিফাইনেলত পাকিস্তান দলে বাংলাদেশক পৰাস্ত কৰি প্ৰৱেশ কৰে ফাইনেলত। বৰষুণৰ বাবে মেচখন ১৩ অভাৰলৈ হ্ৰাস কৰা হৈছিল, য’ত ছাহিবজাদা ফাৰহান বাহিনীয়ে ৬ উইকেটত জয়ী হয়।
উল্লেখ্য যে, এছিয়ান গেমছৰ ডিফেণ্ডিং চেম্পিয়ন হৈছে ভাৰত। এছিয়ান গেমছৰ বিগত সংস্কৰণতো টীম ইণ্ডিয়াই স্বৰ্ণ পদক অৰ্জন কৰিছিল। প্ৰতিযোগিতাখনত ভাৰত আৰু পাকিস্তান দুয়োটা দলে পোনপটীয়াকৈ প্ৰৱেশ কৰিছিল কোৱাৰ্টাৰ ফাইনেলত। কিন্তু বৰষুণৰ বাবে দুয়োটা দলৰে বাতিল হৈছিল নিজৰ নিজৰ কোৱাৰ্টাৰ ফাইনেল মেচ।
পৰৱৰ্তী সময়ত ICC ৰেংকিং অনুসৰি ভাৰতৰ লগতে পাকিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। ইফালে দুয়োটা দলে নিজৰ নিজৰ ছেমি ফাইনেলত জয়ী হৈ এছিয়ান গেমছত পদক নিশ্চিত কৰে। ফাইনেলত জয়ী হোৱা দলটোৱে স্বৰ্ণ আৰু পৰাজিত দলটোৱে লাভ কৰিব ৰূপৰ পদক।
আনহাতে ব্ৰঞ্জ পদকৰ মেচখন ফাইনেলৰ পূৰ্বে অনুষ্ঠিত হ’ব। ব্ৰঞ্জ পদকৰ বাবে মুখামুখি হ’ব বাংলাদেশ আৰু শ্ৰীলংকা। এই দুয়োটা দলে ছেমি ফাইনেলত পৰাজিত হৈছিল।
ইফালে প্ৰতিযোগিতাৰ হাই ভল্টেজ ফাইনেল মেচখন ৩ অক্টোবৰ অৰ্থাত শনিবাৰে অনুষ্ঠিত হ’ব। সোণৰ পদকৰ বাবে হ’বলগীয়া এই মেচখনো অনুষ্ঠিত হ’ব কোৰোগী স্প’ৰ্টছ পাৰ্কত। ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন। মেচখনৰ লাইভ সম্প্ৰচাৰ ছনি স্প’ৰ্টছ নেটৱৰ্কৰ চেনেলত উপলব্ধ হ’ব।
বৰষুণৰ বাবে মেচ বাতিল হ’লে কি হ’ব?
যদিহে এছিয়ান গেমছৰ পুৰুষ ক্ৰিকেটৰ ফাইনেল মেচখন বৰষুণৰ বাবে বাতিল হয় তেন্তে দুয়োটা দলকে যুটীয়াভাৱে প্ৰদান কৰা হ’ব স্বৰ্ণ পদক। এই পৰিস্থিতিত কোনো দলে লাভ নকৰিব ৰূপৰ পদক।


