আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, প্ৰত্যাৱৰ্তন তাৰকা ক্ৰিকেটাৰৰ

Published:

১৩ ছেপ্তেম্বৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে আজি বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। দললৈ উভতি আহিল তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ। ইফালে আঘাতৰ বাবে দলত স্থান নাপালে হাৰ্দিক পাণ্ডিয়াই।

ভাৰত আৰু আফগানিস্তানৰ মাজৰ এই শৃংখলাটোৰ আটাইকেইখন মেচ নতুন দিল্লীত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ আয়োজক আফগানিস্তান।

ভাৰতীয় অনুৰাগীৰ বাবে সুখবৰ এয়াই যে কেইবাজনো আঘাতপ্ৰাপ্ত খেলুৱৈ সুস্থ হৈ উঠিছে আৰু এই শৃংখলাৰ জৰিয়তে পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিব। ইয়াৰ ভিতৰত আছে মিষ্ট্ৰী স্পিনাৰ বৰুণ চক্ৰৱৰ্তী, স্পিন অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ, ছিম অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহ।

তিনিখন মেচৰ শৃংখলাৰ বাবে ঘোষণা কৰা ১৫ জনীয়া দল

শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, সঞ্জু ছেমছন, ঈশান কিষাণ, তিলক বাৰ্মা, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু হৰ্ষিত ৰানা।

১৩ ছেপ্তেম্বৰত প্ৰথমখন মেচ- অৰুণ জেটলী ষ্টেডিয়াম
১৫ ছেপ্তেম্বৰত দ্বিতীয়খন মেচ- অৰুণ জেটলী ষ্টেডিয়াম
১৭ ছেপ্তেম্বৰত তৃতীয়খন মেচ- অৰুণ জেটলী ষ্টেডিয়াম

POPULAR

RECENT ARTICLES

spot_img