ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ অন্তিম তথা তৃতীয়খন এদিনীয়াৰ বাবে কিছু সালসলনি ঘটিছে ভাৰতীয় দলত। আঘাতপ্ৰাপ্ত অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ ঠাইত তৃতীয়খন এদিনীয়াৰ বাবে হৰ্ষ ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিচিচিআইয়ে।
কাৰ্ডিফত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত আঘাতপ্ৰাপ্ত হৈছিল ৱাশ্বিংটন সুন্দৰ। এই আঘাতৰ বাবেই শৃংখলাৰ অন্তিমখন মেচৰ পৰা বাহিৰ হয় সুন্দৰ। অৱশ্যে আঘাত কিমান গুৰুতৰ সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ইফালে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচৰ বাবে নিৰ্বাচিত হোৱা হৰ্ষ ডুবেই শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক কৰিছিল। তেওঁ এতিয়ালৈকে খেলা দুখন এদিনীয়াত ৪টা উইকেট লাভ কৰিছে।
অন্তিমখন মেচৰ বাবে ভাৰতীয় দলটো
শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ (উপ-অধিনায়ক), কে এল ৰাহুল, ঈষাণ কিষাণ, অক্ষৰ পেটেল, শিৱম ডুবে, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণা,অৰ্শ্বদীপ সিং, গুৰনুৰ ব্ৰাৰ, প্ৰিন্স যাদৱ, হৰ্ষ ডুবে।


