আভ্যন্তৰীণ বিদ্ৰোহত জৰ্জৰ TMC; মমতাক শলঠেকত পেলাই বহিষ্কৃত নেতাৰ ডাঙৰ মন্তব্য

পশ্চিম বংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ সম্প্ৰতি এক বৃহত আভ্যন্তৰীণ বিদ্ৰোহ আৰু ভাঙোনৰ সন্মুখীন হৈছে। দলটোৰ ভিতৰচ’ৰাত দেখা দিয়া বিসম্বাদৰ মাজতে দলৰ পৰা বহিষ্কৃত নেতা ৰিজু দত্তাই এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে এটা প’ষ্ট কৰি নেতাগৰাকীয়ে লিখিছে যে আকাৰ ল’ব ধৰিছে নতুন তৃণমূলে। ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলৰ দলপতি আৰু আখৰুজ্জামানক মুখ্য সচেতক হিচাপে মনোনীত কৰা হৈছে।

দত্তাই আৰু লিখিছে যে নিৰ্বাচনত জয়ী হোৱা ৬৪গৰাকী তৃণমূলৰ বিধায়কে মমতা বেনাৰ্জীক তেওঁলোকৰ নেতা হিচাপে মানি লয় কিন্তু অভিষেক বেনাৰ্জীক নহয়।

ইয়াৰ পূৰ্বে হাওৰাৰ উলুবেৰিয়া (পূব) সমষ্টিৰ বহিষ্কৃত তৃণমূল কংগ্ৰেছৰ বিধায়ক ঋতব্ৰত বেনাৰ্জীয়ে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰিবলৈ বুধবাৰে বিধানসভাত উপস্থিত হয়। ৫৯ গৰাকী দলীয় বিধায়কৰ সমৰ্থন পত্ৰৰে দাবী কৰি বিধানসভাৰ অধ্যক্ষৰ আগত তেওঁ উল্লেখ কৰে যে তেওঁৰ ফৈদটোৱেই হৈছে ৰাজ্যখনৰ মূল বিৰোধী দল, আনহাতে মমতা বেনাৰ্জী আৰু তেওঁৰ ভতিজা অভিষেক বেনাৰ্জীৰ প্ৰতি আনুগত্যশীল ফৈদটো এতিয়া সংখ্যালঘু।

ইফালে অভিষেক বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি ঋতব্ৰতে কয়, ‘তেওঁ কেনেধৰণৰ জননেতা? দলৰ শোচনীয় পৰাজয়ৰ পিছতো ২৬ দিনলৈকে ঘৰৰ পৰা বাহিৰ ওলোৱা নাছিল। এতিয়া তেওঁ নিজৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী বিচাৰি আছে। ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে তেওঁল সুৰক্ষাৰ বাবে জনসাধাৰণ আছে। তাৰ পিছত তেওঁক কিহৰ নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন?’

ইয়াৰ উপৰি অভিষেক বেনাৰ্জীয়ে কৰ্প’ৰেট ষ্টাইলত দল পৰিচালনা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঋতব্ৰত বেনাৰ্জীয়ে।

উল্লেখ্য যে, বিধানসভাৰ বিৰোধী দলপতি নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই তৃণমূলৰ মাজত আৰম্ভ হয় বিসম্বাদ। মমতা বেনাৰ্জীয়ে শোভানদেব চট্টোপাধ্যায়ক বিৰোধী দলৰ নেতা হিচাপে মনোনীত কৰাক লৈয়ে প্ৰায় ৬০ জন বিধায়ক অসন্তুষ্ট হৈছে।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...