ভাৰতত ২০২৯ আৰু ২০৩১ত অনুষ্ঠিত হ’ব আই চি চিৰ দুটাকৈ ডাঙৰ টুৰ্ণামেণ্ট

Published:

দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ২০৩৫ চনলৈকে পুৰুষৰ প্ৰতিটো ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টৰ সময়সূচী ঘোষণা কৰিছে। ইয়াৰ লগে লগে স্পষ্ট হৈ পৰে অনাগত বছৰবোৰৰ আই চি চিৰ ইভেণ্টৰ ৰোডমেপ।

মন কৰিবলগীয়া যে ২০২৯ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০৩১ চনৰ এদিনীয়া বিশ্বকাপৰ আয়োজকৰ দায়িত্ব লাভ কৰিছে ভাৰতে। ২০২৯ চনৰ ৯ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ ভাৰতে চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব, আৰু ২০৩১ চনত ৯ অক্টোবৰৰ পৰা ২৩ নৱেম্বৰলৈ এদিনীয়া বিশ্বকাপৰ সহ-আয়োজক হ’ব।

২০৩১ চনৰ পিছত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহৰ আয়োজক দেশসমূহ আই চি চিয়ে ঘোষণা কৰা নাই যদিও প্ৰতিযোগিতাসমূহৰ সূচী ৰাজহুৱা কৰা হৈছে। ২০৩৫ চনৰ এদিনীয়া বিশ্বকাপ অক্টোবৰ-নৱেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব। অৱশ্যে ইয়াৰ আয়োজক দেশ এতিয়াও ঘোষণা কৰা হোৱা নাই।

২০২৮ চনৰ টি-২০ বিশ্বকাপ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ১২ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। পৰৱৰ্তী সংস্কৰণ ২০৩০ চনত অনুষ্ঠিত হ’ব, ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডে যৌথভাৱে আয়োজন কৰিব। ইয়াৰ পিছত ২০৩২ আৰু ২০৩৪ চনতো টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। এই দুখন প্ৰতিযোগিতাৰ আয়োজক দেশ আৰু স্থান এতিয়াও ঘোষণা কৰা হোৱা নাই।

২০৩৫ চনলৈকে প্ৰতি দুবছৰৰ মূৰে মূৰে জুন মাহত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ইংলেণ্ডে ২০২৯ আৰু ২০৩১ চনৰ ফাইনেল আয়োজন কৰিব। ২০৩৩ আৰু ২০৩৫ চনৰ ফাইনেলৰ আয়োজক দেশসমূহ এতিয়াও ঘোষণা কৰা হোৱা নাই।

POPULAR

RECENT ARTICLES

spot_img