দুলীপ ট্ৰফীৰ ফাইনেলত দুৰ্দান্ত ইনিংছ খেলি ইতিহাস ৰচিলে ঈষান কিষাণে

Published:

দুলীপ ট্ৰফীৰ ফাইনেলত দক্ষিণ মণ্ডলৰ বিৰুদ্ধে দৰ্শনীয় দ্বিশতকীয় ইনিংছ খেলি ইতিহাস ৰচিলে পূব মণ্ডলৰ অধিনায়ক ঈশান কিষাণে। ঈশানে ৩০১টা বলৰ মুখামুখি হৈ ২৭টা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৫০ ৰানৰ এই ঐতিহাসিক ইনিংছটো খেলে।

ঈশান কিষাণ এতিয়া দুলীপ ট্ৰফীৰ ফাইনেলত দ্বিশতক অৰ্জন কৰা অষ্টমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে দুলীপ ট্ৰফীৰ ফাইনেলত ৰমন লাম্বা, যশস্বী জয়ছোৱাল, চেতেশ্বৰ পূজাৰা, অংশুমান গায়কৱাড়, ইউছুফ পাঠান আৰু মনছুৰ আলী খান পাটাউডিয়ে দ্বিশতক অৰ্জন কৰিছিল।

এতিয়া এই তালিকাত নাম সংযোজন হৈছে ঈশান কিষাণৰ। দুলীপ ট্ৰফীৰ ফাইনেলত সৰ্বাধিক ডাঙৰ ইনিংছৰ অভিলেখ আছে ৰমন লাম্বাৰ নামত। ১৯৮৭ চনত তেওঁ ৩২০ ৰানৰ ইনিংছ খেলিছিল।

ঈশানে দুলীপ ট্ৰফীৰ ফাইনেলত সৰ্ববৃহৎ ইনিংছ খেলা বেটছমেনৰ তালিকাৰ চতুৰ্থ স্থানত উপনীত হৈছে। এই তালিকাৰ প্ৰথম নম্বৰত আছে দুলীপ ট্ৰফীৰ ফাইনেলত ৩২০ ৰানৰ ইনিংছ খেলা ৰমন লাম্বা। দুলীপ ট্ৰফীৰ ফাইনেলত ট্ৰিপল শতক অৰ্জন কৰা ৰমন লাম্বাই হৈছে একমাত্ৰ বেটছমেন।

২৬৫ ৰানেৰে দ্বিতীয় স্থানত আছে যশস্বী জয়ছোৱাল। দুলীপ ট্ৰফীৰ ফাইনেলত ২৫৬ ৰান সংগ্ৰহৰ অভিলেখ থকা চেতেশ্বৰ পূজাৰাই তিনি নম্বৰত আছে। ইফালে ঈশান কিষাণ বৰ্তমান চাৰি নম্বৰত আছে, যিয়ে ২৫০ ৰানৰ ইনিংছ খেলে। অৱশ্যে ২৫০ ৰান সংগ্ৰহ কৰাৰ পিছতে ৰিটায়াৰ্ড হাৰ্ট হৈ পেভেলিয়নলৈ উভতি যাবলগীয়া হয় ঈশান।

দুলীপ ট্ৰফীৰ ফাইনেলত সৰ্ববৃহৎ ইনিংছ খেলা বেটছমেনৰ তালিকা

১. ৰমন লাম্বা (উত্তৰ মণ্ডল)- ৩২০ ৰান বনাম পশ্চিম মণ্ডল

২. যশস্বী জয়ছোৱাল- ২৬৫ ৰান

৩. চেতেশ্বৰ পূজাৰা- ২৫৬ ৰান

৪. ঈশান কিষাণ- ২৫০ ৰিটায়াৰ্ড হাৰ্ট

৫. অজিত ৱাডেকাৰ- ২২৯ ৰান

৬. অংশুমান গায়কোৱাড়- ২১৬ ৰান

৭. ইউছুফ পাঠান- ২১০ অপৰাজিত ইনিংছ

৮. মনছুৰ আলী খান পাটাউডি- ২০০ ৰান

POPULAR

RECENT ARTICLES

spot_img