দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা আৰু ইয়াৰ সৈতে জড়িত আন আন বিষয় সমূহৰ তদন্তৰ বাবে গঠন কৰা হ’ব এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ অধ্যক্ষতাত এই সমিতিখন গঠন কৰা হ’ব বুলি সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে জানিব দিয়ে। এই সমিতিখনত সদস্য হিচাপে থাকিব উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ আৰু এগৰাকী অৱসৰী ডাইৰেক্টৰ জেনেৰেল।
ইফালে দিল্লী আৰক্ষীয়ে সৰ্বোচ্চ ন্যায়ালয়ক জানিব দি কয় যে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ককৰোচ্চ জনতা পাৰ্টীৰ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ জোৱানে অতি কম বল প্ৰয়োগ কৰিছিল।
শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত অত্যধিক আৰক্ষী বাহিনী প্ৰয়োগ আৰু বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰি সৰ্বোচ্চ ন্যায়ালয়ত এই শপতনামা দাখিল কৰা হৈছিল।
এই শপতনামাৰ উত্তৰত নতুন দিল্লী জিলাৰ উপ আৰক্ষী আয়ুক্ত শচীন শৰ্মাই প্ৰতিবাদকাৰীৰ ওপৰত গজালযুক্ত লাঠীৰ ব্যৱহাৰৰ অভিযোগ পোনচাতেই নাকচ কৰে। তেওঁ কয় যে যিটো ফুটেজক ভিত্তি কৰি এই দাবী কৰা হৈছে, সেয়া ‘কেৱল এটা মাত্ৰ ভিডিঅ’।
আৰক্ষীয়ে লগতে কয় যে লাঠীত থকা গজালৰ ফলত প্ৰতিবাদকাৰীসকল আঘাতপ্ৰাপ্ত হোৱা বুলি কোনো চিকিৎসা প্ৰমাণো পোৱা নাই।


