অধিনায়কত্ব হেৰুওৱাৰ পিছত কি কথাই মনত আঘাত দিছিল সূৰ্যকুমাৰ যাদৱক?

Published:

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে যেতিয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপ দখল কৰিছিল, তেতিয়া হয়টো কোনো ভাৰতীয় অনুৰাগীয়ে কল্পনাও কৰা নাছিল যে বিশ্বকাপ জয়ী কৰোৱা সূৰ্যকুমাৰক অধিনায়কত্বৰ পৰা অপসাৰণ কৰিব। এছিয়া কাপ, টি-২০ বিশ্বকাপৰ দৰে সন্মানীয় টুৰ্ণামেণ্ট জয়ী কৰোৱাৰ পিছতো কিয় অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰোৱা হ’ল সূৰ্যকুমাৰক? জুন মাহত কৰা ঘোষণাৰ পিছৰে পৰা এই পৰ্যন্ত লাভ কৰা নাই ইয়াৰ উত্তৰ।

অৱশ্যে আগষ্ট মাহ অন্ত পৰাৰ পূৰ্বে এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে সূৰ্যকুমাৰ যাদৱে। শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাৰ ইউটিউব চেনেল ‘বেঠ & বোল বিদ আকাশ চোপ্ৰা’ত লোৱা এটা সাক্ষাতকাৰত সূৰ্যকুমাৰ যাদৱে মুকলিকৈ সকলো প্ৰশ্নৰ উত্তৰ দিয়া দেখা গৈছে।

সাক্ষাতকাৰটোত সূৰ্যকুমাৰে কয় যে মই নিজে এই সিদ্ধান্তটোত বহুত দুখ পাইছিলো। দুবছৰ অধিনায়কৰ দায়িত্ব পালন, প্ৰথমে এছিয়া কাপ আৰু তাৰ পিছত টি-২০ বিশ্বকাপ, এই দুয়োটা খিতাপ দখল কৰাৰ পিছত আশা কৰিছিলো আগন্তুক বিশ্বকাপ আৰু অলিম্পিক গেমছ পৰ্যন্ত মোৰ হাততেই থাকিব অধিনায়কৰ দায়িত্ব।

প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘সেই সময়ত মই তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলো, কিয়নো নিৰ্বাচকৰ এই সিদ্ধান্তক মই সন্মান কৰিব বিচাৰিছিলো।’ হয়টো দলৰ স্বাৰ্থতেই টীম মেনেজমেণ্টে এই সিদ্ধান্তটো লৈছিল বুলিও উল্লেখ কৰে সূৰ্যকুমাৰে।

আকাশ চোপ্ৰাৰ সৈতে হোৱা সাক্ষাতকাৰটোত সূৰ্যকুমাৰে এই কথাও উল্লেখ কৰে যে নতুন দল ঘোষণা কৰাৰ দুই-তিনিদিন পূৰ্বেই তেওঁক অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ খবৰটো ফোনযোগে নিৰ্বাচকে জনাইছিল। অৱশ্যে সূৰ্যকুমাৰে এই সিদ্ধান্তত কোনো আপত্তি দৰ্শোৱা নাছিল বুলিও স্পষ্টভাৱে উল্লেখ কৰে।

সূৰ্যই লগতে কয় যে এই সিদ্ধান্তৰ পিছত তেওঁ মনত যথেষ্ট আঘাত পাইছিল আৰু ঘৰত বহিয়েই চিন্তা কৰি আছিল যে কিয় তেওঁৰ লগত এয়া হ’ল।

এই সাক্ষাতকাৰটোতে সূৰ্যকুমাৰে ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ সন্দৰ্ভতো মন্তব্য কৰা দেখা যায়। সূৰ্যই কয়, ‘শ্ৰেয়াছৰ সৈতে মই বহু ক্ৰিকেট খেলিছো। এগৰাকী ভাল ক্ৰিকেটাৰৰ লগতে তেওঁ এজন ভাল অধিনায়কো। সেয়ে এই সন্দৰ্ভত মোৰ কোনো সমস্যা নাছিল।’

বিশ্বকাপ জয়ৰ আনন্দ উল্লাসৰ মাজতেই হঠাৎ টীম মেনেজমেণ্টে লোৱা এই সিদ্ধান্তৰ মুখামুখি হোৱাত অন্তৰত বহুত আঘাত পাইছিল বুলিও সাক্ষাতকাৰটোত কয় প্ৰাক্তন অধিনায়ক সূৰ্যকুমাৰ যাদৱে।

POPULAR

RECENT ARTICLES

spot_img