HomePolitics‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়,
এয়া প্ৰতিশ্ৰুতিহে…
এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ
‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স হেণ্ডেলত এই কথা উল্লেখ কৰিছে। উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় কেবিনেটৰ পূৰ্ণাংগ বৈঠক। এই বৈঠকত কেন্দ্ৰীয় কেবিনেটৰ সকলো সদস্যৰ উপৰি স্বাধীন দায়িত্বপ্ৰাপ্ত মন্ত্ৰী তথা বিভিন্ন বিভাগৰ ৰাজ্যিক মন্ত্ৰীসকলো উপস্থিত আছিল।
দীৰ্ঘ এই বৈঠকত শক্তি, কৃষি, সাৰ, বিমান পৰিবহণ, জাহাজ আৰু লজিষ্টিক আদি খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। শুকুৰবাৰে নিজৰ এক্স হেণ্ডেলত দিয়া পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকখনক এখন ‘ফলপ্ৰসু বৈঠক’ বুলি অভিহিত কৰে।

পশ্চিম এছিয়াত অব্যাহত থকা অশান্তিকৰ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত বহুচৰ্চিত এই পূৰ্ণাংগ কেবিনেট বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘উন্নত ভাৰত ২০৪৭’ কোনো শ্লোগান নহয়, ই এক প্ৰতিশ্ৰুতি।
বৃহস্পতিবাৰে বিয়লি প্রায় চাৰে চাৰি ঘণ্টা ধৰি চলা এই পূর্ণাংগ কেবিনেট বৈঠকত প্ৰশাসনিক সংস্কাৰ তথা প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু চৰকাৰৰ দীৰ্ঘম্যাদী ‘উন্নত ভাৰত ২০৪৭’ প্ৰস্তাৱ আদি বিষয়ত বিশদভাৱে পৰ্যালোচনা চলে।
পূৰ্ণাংগ কেবিনেটৰ এই বৈঠকৰ বিষয়ে সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয়-“সহজ জীৱন-যাপন” আৰু “সহজ ব্যৱসায়িক কৌশল”ৰ জৰিয়তে এখন উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত সংস্কাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ পদক্ষেপসমূহৰ ওপৰত মন্ত্ৰীমণ্ডলীৰে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীৰ ভাষাত এইবোৰ হৈছে এখন উন্নত ভাৰতৰ সপোন। বৈঠকত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক ২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ গঢ়াৰ সপোন লগত লৈ কাম কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাৰ পৰা সেৱা তীৰ্থত পূৰ্ণ মন্ত্ৰী, স্বাধীন দায়িত্বপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী আৰু অন্যান্য ৰাজ্যিক মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠক খন আছিল চলিত বছৰৰ প্ৰথমখন পূৰ্ণাংগ কেন্দ্ৰীয় কেবিনেট বৈঠক। মন কৰিবলগীয়া যে অহা ৯ জুনত এন ডি এ ৩.০ চৰকাৰে দুবছৰ সম্পূৰ্ণ কৰি তৃতীয় বৰ্ষত ভৰি দিব। ইয়াৰ পূৰ্বে উচ্চস্তৰীয় অনুষ্ঠিত আন এক বৈঠকত চৰকাৰৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰা হয়। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে দেশৰ অৰ্থনীতিৰ ওপৰত যি হেঁচা সৃষ্টি হৈছে তাৰ পৰা সাধাৰণ মানুহক কেনেদৰে ৰক্ষা কৰিব পাৰি সেই সন্দৰ্ভতো দায়িত্বত থকা মন্ত্ৰীসকলৰ সৈতে মোদীয়ে বাৰ্তালাপ কৰে। এই বৈঠকত শক্তি, কৃষি, সাৰ, বিমান পৰিবহণ, জাহাজ পৰিবহণ, আৰু লজিষ্টিক আদি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।