HomeNationalঅশান্ত পশ্চিম এছিয়াঃ ভাৰতীয় অৰ্থনীতিত কলীয়া ডাঁৱৰৰ ছাঁ
অশান্ত পশ্চিম এছিয়াঃ ভাৰতীয় অৰ্থনীতিত কলীয়া ডাঁৱৰৰ ছাঁ
অশান্ত পশ্চিম এছিয়াঃ
ভাৰতীয় অৰ্থনীতিত কলীয়া ডাঁৱৰৰ ছাঁ
অৰ্থনীতিৰ গতি সুস্থিৰ কৰাত গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ
‘আধৰুৱা প্ৰকল্প সম্পূৰ্ণ কৰক, ফাইল পেলাই নাৰাখিব’
‘সুশাসন আৰু সেৱাত গুৰুত্ব দিয়ক, বিতৰ্কত নোসোমাব’
ৰিফৰ্ম এক্সপ্ৰেছ, বিত্তীয় সংস্কাৰত অগ্ৰাধিকাৰ প্ৰধানমন্ত্ৰীৰ
পশ্চিম এছিয়া এতিয়া অশান্ত। আৰু ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতকে বিশ্বৰ বহুদেশত। মুলতঃ ইৰাণ-আমেৰিকা আৰু ইজ্ৰায়েলৰ মাজত অব্যাহত থকা যুদ্ধবাজ পৰিস্থিতিয়ে ভাৰতৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে। বিশেষকৈ শক্তিখণ্ডত দেখা দিয়া অচলাৱস্থাই ভৱিষ্যতে দেশত বৃহৎ ইন্ধন-সংকটে দেখা দিয়াৰ আশংকা ঘনীভূত হৈছে। সমান্তৰালকৈ ভাৰতীয় টকাৰ পতনমুখী ধাৰা এতিয়াও ব্যাহত হোৱা নাই। টকাৰ মূল্যমান ক্ৰমশঃ নিম্নমুখী হৈ থকাটো পৰম উদ্বেগৰ বিষয় হৈ পৰিছে।
এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে দেশবাসীক ইন্ধনৰ ব্যৱহাৰত মিতব্যয়ী আৰু সংযমী হবলৈ আহ্বান জনাইছিল। এনে আহ্বানৰ দিনদিয়েকৰ পিছতে দেশত মাত্ৰ ৫টা দিনৰ ব্যৱধানতে দুবাৰকৈ পেট্ৰ’ল-ডিজেল-চিএনজিৰ দৰ বৃদ্ধি পাইছিল।অচিৰেই আৰু বৃদ্ধিৰ পাব পাৰে ইন্ধনজাত সামগ্ৰীৰ দাম।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলীক নতুন বিত্তীয় সংস্কাৰ খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ খবৰ আহিছে। উল্লেখ্য যে, অহা ৯ জুনত প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰ সম্পূৰ্ণ কৰিব নৰেন্দ্ৰ মোদীয়ে। তৃতীয়টো আমোলৰ দ্বিতীয়টো বৰ্ষপূৰ্তিৰ পূৰ্বে মোদীয়ে ২১ মে’ৰ দিনা সকলো পূৰ্ণ মন্ত্ৰী-ৰাজ্য মন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হৈছিল। বৈঠকত ঘাইকৈ চৰ্চা হৈছিল দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক মন্দাৱস্থাৰ মোকাবিলা কৰাৰ বাবে সাম্ভাব্য উপায় সন্দৰ্ভত। প্রধানমন্ত্রীৰ নতুন কার্যালয় সেৱা তীর্থত প্রায় চাৰে চাৰি ঘণ্টা ধৰি অনুষ্ঠিত হৈছিল এই বৈঠক।
প্ৰশাসনিক সূত্ৰত প্ৰকাশ যে, প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক বিভিন্ন আঁচনি-প্ৰকল্প সমূহৰ আধৰুৱা হৈ থকা কামসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰাত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীসকলক অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰত থকাৰ লগতে কেৱল সুশাসন আৰু সেৱাৰ ওপৰত গুৰুত্ব দিয়াহে উচিত বুলি পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে। দপ্তৰত পৰি থকা ফাইলসমূহ দ্ৰুতভাৱে মুকলি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ মতে, যিহেতু পশ্চিম এছিয়াৰ যুদ্ধই এল পি জি আৰু অন্যান্য গেছৰ আমদানিত সমস্যাৰ সৃষ্টি কৰিছে, সেয়েহে বায়’গেছৰ উৎপাদন বৃদ্ধিত মনোনিৱেশ কৰাটো সময়ৰ দাবী।
শেহতীয়াকৈ বিশ্বৰ পাঁচখন দেশ ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী। ভ্ৰমণ সামৰি আহি তেওঁ এই বৈঠক আহ্বান কৰিছিল। চৰকাৰী সূত্ৰৰ মতে, বৈঠকত প্ৰধানমন্ত্ৰীয়ে ‘ৰিফৰ্ম এক্সপ্ৰেছ’ৰ কথা বিশেষভাৱে কৈছিল। প্ৰতিটো মন্ত্ৰালয়ক বিত্তীয় সংস্কাৰৰ পথত কেনেকৈ খোজ দিয়াৰ কথা চিন্তা কৰিছে সেই বিষয়ে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।
বিশেষজ্ঞ মহলে আশংকা ব্যক্ত কৰা মতে, যুদ্ধৰ পৰিস্থিতিৰ বাবে দেশত এতিয়া ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। ফলত দৈনন্দিন প্রয়োজনীয় সা-সামগ্রীৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ যদি দেশত মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পায় তেন্তে ৰিজাৰ্ভ বেংকেও ইয়াক নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল’ব লাগিব।তেনে ক্ষেত্ৰত ঋণৰ সুতৰ হাৰ বৃদ্ধি কৰিব লাগিব। ইয়াৰ ফলত উদ্যোগৰ বাবে ঋণৰ খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি তেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে দেশৰ অৰ্থনৈতিক বিকাশতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত অৰ্থনীতিৰ গতি অটুট ৰাখিবলৈ নতুন সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ইংগিত দিয়ে।