জিম্বাব’ৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; বাহিৰ হ’ল সঞ্জু ছেমছন

Published:

জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰিলে ভাৰতীয় দল। সকলোকে আচৰিত কৰি ভাৰতীয় দলৰ নিৰ্বাচকে দলত স্থান প্ৰদান নকৰিলে সঞ্জু ছেমছনক। তিনিখন মেচৰ এই শৃংখলাটোত অৱশ্যে দলত স্থান দিয়া হৈছে ৱাণ্ডাৰ কিডৰূপে পৰিচিত বৈভৱ সূৰ্যবংশীক।

দলটোত নতুনকৈ স্থান দিয়া হৈছে আই পি এলত পঞ্জাৱ কিংছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা প্ৰভসিমৰন সিঙক। ইয়াৰ উপৰি দললৈ প্ৰত্যাৱৰ্তন ঘটিছে ৰিংকু সিঙৰ। প্ৰভসিমৰন সিঙৰ সমান্তৰালকৈ প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত সুযোগ লাভ কৰিছে অশোক শৰ্মা আৰু য়শ ঠাকুৰে।

এই শৃখংলাটোৰ বাবে বেগী বলাৰৰ নেতৃত্ব প্ৰিন্স যাদৱৰ হাতত প্ৰদান কৰা হৈছে। ইফালে দুবছৰৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে স্পীড ষ্টাৰ হিচাপে পৰিচিত মায়ংক যাদৱৰ।

টি-২০ শৃংখলাটোৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো

শ্ৰেয়াছ আয়াৰ (অধিনায়ক), বৈভৱ সূৰ্যবংশী, অভিষেক শৰ্মা, তিলক বাৰ্মা (উপ-অধিনায়ক), ঈষান কিষাণ, শিৱম ডুবে, সূৰ্যাংশ চেডগে, হৰ্ষ ডুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স যাদৱ, য়শ ঠাকুৰ, অশোক শৰ্মা, মায়ংক যাদৱ, আৰু প্ৰভসিমৰন সিং।

উল্লেখ্য যে, শৃংখলাটোৰ প্ৰথমখন মেচ ২৩ জুলাইত অনুষ্ঠিত হ’ব। আনহাতে ২৫ আৰু ২৬ জুলাইত অনুষ্ঠিত হ’ব শৃংখলাটোৰ অন্তিম দুখন মেচ। শৃংখলাটোৰ তিনিওখন মেচ হাৰাৰে ষ্টেডিয়ামতেই অনুষ্ঠিত হ’ব।

POPULAR

RECENT ARTICLES

spot_img