বিদেশৰ ভূমিত কেইবাটাও দৰ্শনীয় ইনিংছ খেলা ভাৰতীয় দলৰ অভিজ্ঞ ক্ৰিকেটাৰ আজিংক্য ৰাহানেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তথা ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২০১৩ চনৰ ৩১ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা ৰাহানেই ইনষ্টাগ্ৰামৰ জৰিয়তে এটা আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰি অৱসৰৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে।
৩৮ বছৰীয়া ৰাহানেই ভাৰতৰ হৈ ৮৫খন টেষ্ট, ৯০খন এদিনীয়া আৰু ২০খন টি-২০ মেচ খেলিছিল। ২০২৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ পিছৰে পৰা তেওঁ ভাৰতীয় দলৰ পৰা বাহিৰ হৈ আছিল।
ভিডিঅ’ বাৰ্তাটোত ৰাহানেই কয়, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু প্ৰতিটো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ এয়াই সঠিক সলময় বুলি মই অনুভৱ কৰিছো।’
ৰাহানেৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ
টেষ্ট- ৮৫খন মেচত ১২টা শতক আৰু ২৬টা অৰ্ধশতকৰ সহায়ত ৫০৭৭ ৰান
এদিনীয়া- ৯০খন মেচত ৩টা শতক আৰু ২৪টা অৰ্ধশতকৰ সহায়ত ২৯৬২ ৰান
টি-২০- ২০খন মেচত এটা অৰ্ধশতকৰ সহায়ত ৩৭৫ ৰান
ঘৰুৱা ক্ৰিকেটত ৰাহানেই মুম্বাইক প্ৰতিনিধিত্ব কৰিছিল।


