ক্ৰিকেটৰ ‘মক্কা’ লৰ্ডছত ভাৰতীয় মহিলা দলৰ ঐতিহাসিক বিজয়; ২৭০ ৰানত পৰাস্ত ইংলেণ্ড

Published:

ইতিহাসৰ পাতত খোদিত হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নাম। ৪০ বছৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক ডায়েনা এদুলজীক ঐতিহাসিক লৰ্ডছ খেলপথাৰৰ পেভেলিয়নত প্ৰৱেশত বাধা দিয়া সেই খেলপথাৰতে হৰমনপ্ৰীত নেতৃত্বাধীন ভাৰতীয় মহিলা দলে ইংলেণ্ডক টেষ্ট মেচত পৰাস্ত কৰি ৰচিলে ইতিহাস।

ক্ৰিকেটৰ ১৪২ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে লৰ্ডছত অনুষ্ঠিত প্ৰথমখন মহিলা টেষ্টত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইংলেণ্ডক পৰাস্ত কৰি ২৭০ ৰানত পৰাস্ত কৰে।

১৯৮৬ চনত মেৰিলেব’ন ক্ৰিকেট ক্লাবে লিংগভিত্তিক নিয়মৰ উদ্ধৃতি দি ডায়েনা এদুলজী আৰু ভাৰতীয় দলটোক পেভিলিয়নত প্ৰৱেশৰ পৰা বঞ্চিত কৰিছিল। এদুলজীয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। কিন্তু সেই ঐতিহাসিক খেলপথাৰতে ভাৰতৰ বিৰুদ্ধে ধৰাশায়ী হয় ঘৰুৱা দল ইংলেণ্ড।

১৪২ বছৰীয়া ইতিহাসত প্ৰথমখন মহিলা টেষ্ট

উল্লেখ্য যে, লৰ্ডছ ষ্টেডিয়ামত ১৮৮৪ চনৰ ২১ৰ পৰা ২৩ জুলাইৰ ভিতৰত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল পুৰুষৰ প্ৰথমখন টেষ্ট মেচ। কিন্তু এই খেলপথাৰত মহিলাৰ টেষ্ট মেচৰ বাবে ১৪২ বছৰ আৰু ১৫০খন টেষ্ট মেচ অপেক্ষা কৰিবলগীয়া হয়।

অৱশ্যে এই ঐতিহাসিক খেলপথাৰত ইংলেণ্ডক ২৭০ ৰানত পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে এই মেচখন স্মৰণীয় কৰি তোলে।

লৰ্ডছত অনুষ্ঠিত প্ৰথমখন মহিলা টেষ্টত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰতিটো ক্ষেত্ৰতে ইংলেণ্ডক বেকফুটত ৰাখে। মেচখনত ভাৰতে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত ২৮৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ১৭০ ৰানতে সামৰে নিজৰ প্ৰথম ইনিংছ।

১১৫ ৰানৰ অগ্ৰগতিৰে দ্বিতীয় ইনিংছত বেট ধৰিবলৈ নমা ভাৰতীয় দলে দুৰ্দান্ত বেটিঙৰ সহায়ত ৩৪১ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। ৪৫৭ ৰানৰ বিশাল টাৰ্গেট অনুসৰণ কৰিবলৈ আহি ইংলেণ্ড দলে পুনৰবাৰ আগবঢ়াই হতাশাজনক প্ৰদৰ্শন। ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰি ঘৰুৱা দলটোৱে ১৮৬ ৰানতে অলআউট হয় আৰু মেচখন ২৭০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হয়।

দ্বিতীয় ইনিংছত ভাৰতৰ হৈ উইকেটকীপাৰ বেটাৰ য়াষ্টিকা ভাটিয়াই ১১৩ ৰান আৰু ৰিচা ঘোষে ৫০ ৰানৰ ইনিংছ খেলে। আনহাতে দ্বিতীয় ইনিংছত স্নেহা ৰাণাই চাৰিটা উইকেট দখল কৰে।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে বিগত ১১খন টেষ্ট মেচৰ সাতখনত জয়, তিনিখন ড্ৰ’, আৰু মাত্ৰ এখনত পৰাস্ত হৈছে।

POPULAR

RECENT ARTICLES

spot_img